21/01/2024
অসমত ৰামৰ প্ৰভাৱ কিমান??? অসমত ৰামৰ প্ৰাসংগিকতা আছেনে? ৰাম মন্দিৰ পুনঃ মুকলিৰ দিন কাষ চাপি অহাৰ লগে লগে এনেকুৱা প্ৰশ্ন সামাজিক মাধ্যমত দুই এটা দেখিবলৈ পাই আহিছো। অৱশ্যে এনেকুৱা প্ৰশ্নৰ উত্থাপন কৰা ব্যক্তিৰ সংখ্যা ৰাজহুৱা পায়সৰ কিচমিচৰ দৰে। তথাপিও প্ৰশ্নৰ অবতৰণা হ'ল যাতে উত্তৰ বিচৰাৰ হাবিয়াস জাগিল।
ৰামৰ প্ৰভাৱ সঁচাকৈ অসমত নাই নেকি??
উত্তৰটো হল _ৰাম নামৰ পৰা হিন্দুটো বাদে অন্যধৰ্মৰ লেকো মুক্ত নহয়। এইটো সত্য প্ৰভু ৰামতকৈ প্ৰভু কৃষ্ণ ভক্তি অসমত অধিক কিন্তু ৰাম আৰু কৃষ্ণক অভিন্ন বুলি প্ৰতিজন হিন্দুৱে জ্ঞান কৰে। অসমত কৃষ্ণ ভক্তি অধিক হোৱাৰ কাৰণে হল মহাপুৰুষ শংকৰদেৱে প্ৰচাৰ কৰা অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ মূল আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ। নৱ বৈষ্ণৱ ধৰ্মৰ মূল ঈশ্বৰ বিষ্ণু। বিষ্ণুৰ অন্যতম অৱতাৰ হিচাপে প্ৰভু ৰাম আৰু প্ৰভু কৃষ্ণক আৰাধনা কৰে। দক্ষিণ ভাৰতত আৰম্ভ হোৱা নৱ বৈষ্ণৱ আন্দোলনৰ আৰম্ভ উত্তৰ ভাৰতত মহাপুৰুষ ৰমানন্দই কৰিছিল। উত্তৰ ভাৰতৰ লগত থকা প্ৰভু ৰামৰ ঐতিহাসিক তথা সাংস্কৃতিক সম্পৰ্কৰ বাবে উত্তৰ ভাৰতীয় মানুহৰ প্ৰভু ৰামৰ লগত আধ্যাত্মিক সম্পর্ক গভীৰ হোৱা বাবে উত্তৰ ভাৰতত নৱ বৈষ্ণৱ ধৰ্মৰ মূল ঈশ্বৰ হিচাপে প্ৰভু ৰামক আৰাধনা কৰে। অসমৰ লগত প্ৰভু শ্ৰীকৃষ্ণৰ সম্পৰ্ক প্ৰাক মহাভাৰতৰ যুগৰ পৰাই। নেপালী সকলৰ জোৱাই প্ৰভু ৰামৰ প্ৰতি যি আবেগ আছে ঠিক একে আবেগ উত্তৰ পূব ভাৰতীয় সকলৰ জোৱাই কৃষ্ণৰ প্ৰতি। সেইবাবে গুৰু জনাই অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ মূল ঈশ্বৰ হিচাপে প্ৰভু কৃষ্ণক নিৰ্গুন ব্ৰহ্মা হিচাপে আৰধনাৰ প্ৰচলন কৰে। কিন্তু প্ৰভু কৃষ্ণৰ অভিন্ন হিচাপে প্ৰভু ৰামকো নিৰ্গুন ব্ৰহ্মা হিচাপে নাম কীৰ্তন কৰে।
শংকৰী সাহিত্য তো ৰামায়ণ তথা প্ৰভু ৰামৰ স্থান উল্লেখনীয় গুৰুজনাই ৰাম বিজয় নাটক খন ৰচনা কৰাৰ উপৰিও উত্তৰা কাণ্ড খণ্ডটি অনুবাদ কৰিছিল, মাধৱ দেৱে আদি কাণ্ড অনুবাদ কৰিছিল। গুৰু শংকৰৰ আদি ৰচনা আকাৰ ইকাৰ হীন কবিতা কৰতল কমল নয়ন.. ত ৰাম মহিমাৰ বৰ্ণনা কৰিছে। প্ৰাক শংকৰী কালৰ পৰা সাহিত্যত ৰাম নামৰ মহিমাৰ বৰ্ণনা মাধৱ কণ্ডলিয়ে সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰি থৈ গৈছে।
আধুনিক অসমীয়া সাহিত্য তো প্ৰভু ৰাম তথা ৰাময়ণৰ প্ৰভাৱ যথেষ্ট। জ্ঞানপীঠ বঁটা বিজয়ী মাননীয় ৰয়ছম গোস্বামী বাইদেউৱে ৰাময়ণী সাহিত্যৰ ওপৰতে গৱেষণা কৰিছিল। ১৮ শতিকাত ৰঘুনাথ দাস মহন্ত দেৱে অদ্ভুত ৰামায়ণ আৰু কথা ৰামায়ণ ৰচনা কৰিছিল। ১৯২৫ চনত অনন্ত ঠাকুৰ আতাই শ্ৰী ৰাম কীৰ্তন বা অনন্ত ৰাময়ণ ৰচনা কৰিছিল । ২০১০ চনত কেশদা মহন্তই তেওঁৰ গ্ৰন্থ অসমীয়া ৰামায়ণী সাহিত্যৰ বাবে সাহিত্য একাডেমী বটা লাভ কৰে। প্ৰথম আধুনিক অসমীয়া নাটক ৰাম-নৱমী।
কালিদাসৰ ৰঘুবংশমটো কামৰূপৰ উল্লেখ আছে।
অসমত প্ৰতিটো উৎসৱ ত ৰাম নামৰ প্ৰচলন আছে বিহু গীত,হুচৰি কাতি বিহুৰ নাম, লোকগীত, বৰগীত, বিয়া গীত সকলোতে ৰাম নামৰ মহিমা।
হোলী গীতত আছে-
ৰাম গৈলা বনবাস...
হুনুই কান্দি থাকে চাৰা ৰাতি।
অসমীয়া লোক জীৱনতো ৰাম নামৰ যথেষ্ট প্ৰচলন _সেই ৰামও নাই অযোধ্যাও নাই, যি লংকাত যায় সেই ৰাৱণ আদি বহু প্ৰচলিত বাক্য।শ্ৰেষ্ঠতা বুজাবলৈ ৰাম নাম ব্যৱহাৰ কৰে যেনে ৰাম ছাগলী, ৰান তুলসী, ৰাম বান ইত্যাদি।
অসমত ৰাম পূজা হয় নে?
অসমত প্ৰভু ৰাম বা প্ৰভু কৃষ্ণৰ পূজন ভক্তি নহয় বুলিলে কব পাৰি। প্ৰভু ৰাম আৰু কৃষ্ণৰ শ্ৰৱণ আৰু কীৰ্তন ভক্তি হে কৰা হয়। ইয়াৰ মূল কাৰণ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ। যিহেতু অসমৰ নৱ বৈষ্ণৱ ধৰ্মত শ্ৰৱণ আৰু কীৰ্তন ভক্তি কৰে।
ৰাম নৱমী অসমত পালন কৰে নে?
কৰে কিন্তু নাম কীৰ্তন ভক্তিৰ দ্বাৰা, ব্যৱসায়িক প্ৰতিষ্ঠানত ৰাম নৱমী কিছু নিয়ম নীতি কৰা দেখা যায়। প্ৰভু ৰামৰ লগত জড়িত দিপাৱলী আৰু শাৰদীয় দুৰ্গা পূজাৰ প্ৰচলন অসমত প্ৰাচীন কালৰে পৰা চলি আছে।
মোৰ গাওঁ হাজোত প্ৰভু ৰামৰ প্ৰভাৱ অতীতৰ পৰা কেনেকুৱা??
উত্তৰ পূৱ ভাৰতৰ আধ্যাত্মিকতাৰ প্ৰাণ কেন্দ্ৰ আছিল হাজো। শাক্ত ,বৈষ্ণৱ, শৈৱ, গনপতি, সৌৰ সকলো পন্থাৰে প্ৰভাৱ আছিল। হাজোত পঞ্চৰাত্ৰ বৈষ্ণৱৰ সম্পূৰ্ণ প্ৰভাৱ আছিল সেই হিচাপত ৰাম নামৰ প্ৰভাৱ হাজোত যথেষ্ঠ থকাটো স্বাভাবিক। হাজোৰ প্ৰাচীন মন্দিৰ শ্ৰীশ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰত প্ৰভু ৰাম, সীতা, লক্ষ্মন, হনুমান শৈল মূৰ্তি বিৰাজমান। হয়গ্ৰীৱ মাধ্যমে মূল গহ্বৰ গৃহত প্ৰভু হুনুমানৰ মূৰ্তি বিৰাজমান। হাজোত ৰাম সুতি নামৰ ব্ৰহ্মপুত্ৰ নদীৰ সুতি আছে। ৰামদিয়া, কামপুৰ নামৰ ঠাই আছে। হাজোৰ শংকৰী যুগৰ কবি অনন্ত কন্দলিয়ে মাধৱ কন্দলীৰ ৰামায়ণৰ আধাৰত ৰাময়ণৰ পাচটা কাণ্ড ৰচনা কৰিছিল। সেইখিনিক বৈষ্ণৱ ৰামায়ণ বুলি কোৱা হয়।তাৰোপৰি মহিৰাৱণ বধ আৰু সীতাৰ পাতল প্ৰৱেশ নামৰ দিকনির্দেশনা গ্ৰন্থ ৰচনা কৰিছিল। পূণ্যভূমি হাজোত জন্ম গ্ৰহণ কৰা মহাপুৰুষ দামোদৰ দেৱে কৈছে-
সদাশিৱে জাপে ৰাম
ৰাম মহা নাম ।
ৰাম নাম মহামন্ত্ৰ
সৰ্বসূখ ধাম।।
সুব সম্ভৱ হাজোত ৰাম মন্দিৰ এটাও আছিল বুলি মোৰ ধাৰণা। মুছলমান আক্ৰমণকাৰীয়ে হাজোৰ বহুতো মন্দিৰ ধ্বংস কৰিছিল তাৰ ভিতৰত ৰাম মন্দিৰ এটা থকাটো নুই কৰিব নোৱাৰা। হাজোৰ গৰুড়াচল পাহাৰত সূৰ্য মন্দিৰ আছিল। সূৰ্য ৰঘু বংশৰ আৰাধ্য দেৱতা। প্ৰভু ৰামৰ ফটো, মূৰ্তি সকলোতে সূৰ্য দেৱতাৰ উপস্থিতি বিৰাজমান। হাজোৰ ধ্বংস কৰা সেই সূৰ্য মন্দিৰটো যিখন গৰুড়াচল পাহাৰত অৱস্থিত তাকে ঠিক তলত এখন লালি পাহাৰ নামৰ অন্য পাহাৰএখন আছে তাত ৰাম মন্দিৰ আছিল বুলি মোৰ মনে কয় । প্ৰভু ৰামৰ মূৰৰ ওপৰত যেনেকৈ সূৰ্য্য দেৱতা থাকে ঠিক একে অৱস্থানত দুয়োখন পাহাৰ আছে। প্ৰভু ৰামৰ মূৰৰ ওপৰেদি সূর্য দেৱতা থকাৰ দৰে সেই সূৰ্য মন্দিৰৰ ঠিক তলত ৰাম মন্দিৰ আছিল কিজানি।
কামখ্যা মন্দিৰ, মাধৱ মন্দিৰ আদি কৰি সকলো অসমৰ সকলো প্ৰাচীন মন্দিৰত দ্বৰিকা পাল গনেশ বিৰাজমান। লালি পাহাৰতো গণেশৰ মন্দিৰ আছে (বেজটোলা) তাৰ পৰা এটা স্পষ্ট ধাৰণা হয় সেই লালি পাহাৰত নিশ্চয় মন্দিৰ আছিল। হাজোৰ প্ৰতিখন পাহাৰত প্ৰাচীন মন্দিৰ আছে লালি পাহাৰত থকাটো স্বাভাবিক। গৰুড়াচল পাহাৰত ধ্বংস কৰা সূৰ্য মন্দিৰটোৰ অৱস্থিতি, ৰঘূবংশৰ আৰাধ্য হিচাপে সূৰ্য দেৱতা, প্ৰভু ৰামৰ মূৰ্তি তথা মন্দিৰত সূৰ্য দেৱতাৰ উপস্থিতি তথা হাজোত পঞ্চৰাত্ৰ বৈষ্ণৱৰ প্ৰভাৱ আদি কাৰণৰ প্ৰতি লক্ষ্য কৰিলে লালি পহাৰত প্ৰভু ৰামৰ মন্দিৰ সম্পৰ্কে ধাৰণাটো নুই কৰিব নোৱাৰি ।
শেষত সকলোৰে মঙ্গল কামনা কৰি
জয় জয় হৰি বোলা
জয় জয় ৰাম বোলা