17/08/2026
*কোৰআন-হাদিছৰ পোহৰত বহলাই লিখা হ'ল -*
১ম কথা:দোষীৰ পৰিয়ালক শাস্তি দিয়াটো ইছলামত নাইl
কবৰস্থান কমিটিয়ে যদি কোনো ড্ৰাগছ ব্যৱসায়ী বা নিচাখোৰ বা তাৰ নিৰ্দোষ পৰিয়াল - পিতৃ, মাতৃ, ভাই, পত্নী, সন্তানক কবৰস্থানত কবৰ দিয়াত বাধা দিয়ে, তেন্তে সেয়া কোৰআনৰ স্পষ্ট নীতিৰ বিৰোধী।
আল্লাহ তাআলাই কৈছে:
وَلَا تَزِرُ وَازِرَةٌ وِّزْرَ اُخْرٰى
"কোনো বোজা বহনকাৰীয়ে আনৰ বোজা বহন নকৰিব।" [সূৰা আনআম: ১৬৪, সূৰা নাজম: ৩৮, সূৰা বনী ইছৰাঈল: ১৫]
অৰ্থাৎ এজনৰ গুনাহৰ শাস্তি আন এজনে নাপায়। পুতেকে অপৰাধ কৰিলে বাপেক দোষী নহয়, স্বামীয়ে অপৰাধ কৰিলে পত্নী দোষী নহয়।
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে বিদায় হজ্জৰ ভাষণত কৈছিল - "মনত ৰাখিবা, কোনো অপৰাধীৰ অপৰাধৰ বাবে তাৰ পিতৃক বা পিতৃৰ অপৰাধৰ বাবে পুত্ৰক দায়ী কৰা নহ'ব।"
গতিকে পৰিয়ালক সামাজিকভাৱে বয়কট কৰা, জানাজা বা কবৰত বাধা দিয়াটো জুলুম। এনে কৰিলে নিৰ্দোষ মানুহবোৰ গাঁৱৰ পৰা আঁতৰি যাব, আৰু সমাজত শত্ৰুতা বাঢ়িব। দোষীজনক বুজাব লাগে, পৰিয়ালক নহয়।
*২য় কথা:* কেৱল ড্ৰাগছেই নহয়, সকলো কবিৰা গুনাহেই গুৰুতৰ জাননীত কেৱল ড্ৰাগছক গুৰুতৰ অপৰাধ বুলি কোৱা হৈছে, কিন্তু ইছলামত ড্ৰাগছৰ দৰেই আৰু বহুতো কবিৰা গুনাহ আছে।
১ *. ড্ৰাগছ, মদ, ভাং, জুৱা:*
আল্লাহ কৈছে:
يَا أَيُّهَا الَّذِينَ آمَنُوا إِنَّمَا الْخَمْرُ وَالْمَيْسِرُ... رِجْسٌ مِّنْ عَمَلِ الشَّيْطَانِ فَاجْتَنِبُوهُ
"হে ঈমানদাৰসকল! নিশ্চয় মদ, জুৱা, মূৰ্তিৰ বেদী আৰু ভাগ্য নিৰ্ণয়ক তীৰ এইবোৰ শ্বয়তানৰ অপবিত্ৰ কাম, গতিকে ইয়াৰ পৰা বাচি থাকা।" [সূৰা মায়েদা: ৯০]
নবীজীয়ে কৈছে - "প্রত্যেক নিচা অনা বস্তুৱেই মদ, আৰু প্রত্যেক নিচা অনা বস্তুৱেই হাৰাম।" [মুছলিম] ড্ৰাগছ *ইয়াৰ ভিতৰতে পৰে।
**২. *সুদ আৰু ঘোচ:*
সুদৰ বিষয়ে - "যিসকলে সুদ খায় তেওঁলোকে কিয়ামতত শ্বয়তানে স্পৰ্শ কৰি পাগল কৰা মানুহৰ দৰে উঠিব।" [সূৰা বাকাৰা: ২৭৫]
ঘোচৰ বিষয়ে নবীজীয়ে কৈছে - "ঘোচ দিওঁতা আৰু ঘোচ লওঁতা দুয়োৰে ওপৰত আল্লাহৰ অভিশাপ।" [তিরমিজি]
৩. হত্যা আৰু আত্মহত্যা *:
وَمَن يَقْتُلْ مُؤْمِنًا مُّتَعَمِّدًا فَجَزَاؤُهُ جَهَنَّمُ*
"যিয়ে ইচ্ছাকৃতভাৱে কোনো মুমিনক হত্যা কৰে, তাৰ শাস্তি জাহান্নাম।" [সূৰা নিছা: ৯৩]
আত্মহত্যাৰ বিষয়ে - নবীজীয়ে কৈছে, যিয়ে যি বস্তুৰে আত্মহত্যা কৰিব, জাহান্নামত তাক সেই বস্তুৰেই শাস্তি দিয়া হ'ব। [বুখাৰী]
৪. চুৰি, ডকাইতি:
চোৰৰ হাত কটাৰ বিধান আছে। [সূৰা মায়েদা: ৩৮] ডকাইতি হ'ল পৃথিৱীত ফাচাদ সৃষ্টি কৰাৰ দৰে ডাঙৰ অপৰাধ। [সূৰা মায়েদা: ৩৩]
৫. জিনা-ধৰ্ষণ *:
وَلَا تَقْرَبُوا الزِّنَا ۖ إِنَّهُ كَانَ فَاحِشَةً*
"তোমালোকে ব্যভিচাৰৰ ওচৰলৈও নাযাবা, নিশ্চয় ই অশ্লীল আৰু বেয়া পথ।" [সূৰা বনী ইছৰাঈল: ৩২]
যদি কবৰত নিষেধাজ্ঞা দিবই লাগে, তেন্তে এই সকলোকে দিব লাগিব।
কিন্তু শ্বৰীয়তৰ মূল ফায়ছালা কি? কবৰ দিয়াত বাধা দিব পাৰি নে?
ইয়াতেই আটাইতকৈ বুজিবলগীয়া কথাটো আছে। আহলে সুন্নত ওৱাল জামাআতৰ আক্বীদা মতে -
কবিৰা গুনাহ কৰিলে মানুহ কাফিৰ হৈ নাযায়, যেতিয়ালৈকে সি হালাল বুলি নকয়। সি ফাছেক, গুনাহগাৰ মুছলমান হৈ থাকে।
আৰু গুনাহগাৰ মুছলমানৰ জানাজা পঢ়া, গোছল দিয়া, কাফন পিন্ধোৱা আৰু মুছলমানৰ কবৰস্থানত কবৰ দিয়াটো তাৰ হক, ফৰজে কিফায়া।
নবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ জমানাত বহু ডাঙৰ গুনাহগাৰৰ জানাজাও পঢ়া হৈছিল। নবীজীয়ে নিজে কেতিয়াবা ধমকিৰ বাবে ঋণগ্ৰস্ত বা আত্মহত্যাকাৰীৰ জানাজাৰ ইমামতি কৰা নাছিল, কিন্তু ছাহাবীসকলক পঢ়িবলৈ কৈছিল, কবৰ দিয়াত বাধা দিয়া নাছিল।
ইমামসকলে কৈছে - যদি কোনোৱে ৰাজহুৱাকৈ পাপ কৰি সমাজ নষ্ট কৰে, তেন্তে ইমাম বা ডাঙৰ আলিমে ধমকি হিচাপে তাৰ জানাজাত অংশ নল'ব পাৰে, যাতে মানুহে শিক্ষা পায়। কিন্তু সাধাৰণ মানুহে তাৰ জানাজা পঢ়িব আৰু কবৰ দিব। কবৰস্থানৰ পৰা একেবাৰে বাহিৰ কৰি দিয়াৰ অধিকাৰ কমিটিৰ নাই। কাৰণ মুছলমানৰ কবৰস্থান কেৱল নেককাৰৰ বাবে নহয়, সকলো মুছলমানৰ বাবে। যদি সকলো গুনাহগাৰকে উলিয়াই দিয়া হয়, কবৰস্থান খালী হৈ যাব, কাৰণ আমাৰ মাজত কোন নিষ্পাপ?
এজন মানুহে মৃত্যুৰ আগত তওবা কৰিলে নে নাই, সেয়া আল্লাহেহে জানে। আমি বাহ্যিকভাৱে মুছলমান হিচাপে তাৰ হক আদায় কৰিব লাগিব, ভিতৰৰ ফায়ছালা আল্লাহৰ ওপৰত এৰি দিব লাগিব।
কবৰস্থান কমিটিয়ে কি কৰা উচিত?
১. পৰিয়ালক বাদ দিয়ক। কেৱল দোষীজনক লৈহে চিন্তা কৰক।
২. কবৰত বাধা দিয়াৰ দৰে চৰম সিদ্ধান্তৰ সলনি ইছলাহী ব্যৱস্থা লওক - বুজোৱা, নছিহত, সামাজিক বয়কট, পুনৰ্বাসনৰ চেষ্টা।
৩. কোনো জাননী দিয়াৰ আগত ভালদৰে তহকীক কৰক, গুজৱৰ ওপৰত নহয়।
৪. মছজিদৰ ইমাম, আলিমসকলক লগত লৈ সিদ্ধান্ত লওক।
আল্লাহে আমাক সকলোকে এই ভয়ংকৰ নিচা আৰু সকলো কবিৰা গুনাহৰ পৰা হেফাজত কৰক। আমিন।
゚viralシ ゚