Wildlife and Environment Conservation Organisations - WECO

Wildlife and Environment Conservation Organisations - WECO protect environment, keep the earth, save habitat of living beings.

বৰ্তমান সময়ত তিনিচুকীয়া জিলাৰ এখন অন্যতম পৰ্যটন ক্ষেত্ৰ হ'ল মতাপুং-মাগুৰি বিল। বিলখনৰ পৰিৱেশ পৰ্যটনৰ নতুন পৰিকল্পনাৰে ...
15/01/2026

বৰ্তমান সময়ত তিনিচুকীয়া জিলাৰ এখন অন্যতম পৰ্যটন ক্ষেত্ৰ হ'ল মতাপুং-মাগুৰি বিল। বিলখনৰ পৰিৱেশ পৰ্যটনৰ নতুন পৰিকল্পনাৰে আৰম্ভ কৰিছো।
Wildlife and Environment Conservation Organisations - WECO

মতাপুং-মাগুৰি বিলৰ পৰিৱেশ পৰ্যটনৰ কাৰণে বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণ সংস্থাৰ উদ্যোগত প্ৰথম পদক্ষেপ গ্ৰহণ কৰা হৈছিল ২০১২...
01/01/2026

মতাপুং-মাগুৰি বিলৰ পৰিৱেশ পৰ্যটনৰ কাৰণে বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণ সংস্থাৰ উদ্যোগত প্ৰথম পদক্ষেপ গ্ৰহণ কৰা হৈছিল ২০১২ চনৰ পৰা। পৰৱৰ্তী সময়ত পৰিৱেশ পৰ্যটনৰ ক্ষেত্ৰত আগুৱাই নিবলৈ প্ৰচেষ্টা চলাই যোৱা হৈছিল যদিও কোনো ধৰণৰ চৰকাৰী তথা বিভাগীয় সহযোগিতা অভাৱত এই যাত্ৰা স্থবিৰ হৈ পৰে। নিজা গাঁঠিৰ ধনেৰে আমি পৰিৱেশ পৰ্যটন আগুৱাই নিবলৈ যথেষ্ট কষ্ট আৰু ত্যাগ কৰিবলগীয়া হৈছিল। আমিয়েই বিলখনক ২০১২ চনৰ পৰা প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছিলো। যাৰ ফলত আজিৰ দিনত মতাপুং-মাগুৰি বিলখন তিনিচুকীয়া জিলাৰ এখন অন্যতম পৰ্যটন ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। চলিত বৰ্ষৰ পৰা আমি আকৌ মতাপুং-মাগুৰি বিলৰ পৰিৱেশ পৰ্যটনৰ উন্নয়নৰ কাৰণে কিছুমান পদক্ষেপ গ্ৰহণ কৰিবলৈ সংকল্প গ্ৰহণ কৰিছো। নতুন বছৰত নতুন চিন্তাৰে বিলৰ পৰিৱেশ পৰ্যটন ক্ষেত্ৰত কাম কৰিবলৈ আগবাঢ়িছো। এই ক্ষেত্ৰত সকলো ৰাইজৰ সহযোগিতা আৰু দিহা-পৰামৰ্শ একান্তই কামনা কৰিছো।

16/11/2025

মতাপুং-মাগুৰি বিলৰ পৰিৱেশ পৰ্যটনৰ উন্নয়ন তথা জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ কাৰণে অসম চৰকাৰে কোনটো প্ৰদক্ষেপ গ্ৰহণ কৰিছে আমিও জানিব বিচাৰো। অসম চৰকাৰে আজিলৈকে মতাপুং-মাগুৰি বিলৰ উন্নয়নৰ কাৰণে একো এটা কৰা নাই।
Himanta Biswa Sarma
CMO Assam
Tinsukia District Administration

বিগত ২৭ মে ২০২০ তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান বি জি আৰ ৫ নং তৈলখাদত গেছ বিস্ফোৰণ হৈ ইং ৯ জুন ২০২০ তাৰিখে অগ্নিকাণ্ড...
27/08/2023

বিগত ২৭ মে ২০২০ তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান বি জি আৰ ৫ নং তৈলখাদত গেছ বিস্ফোৰণ হৈ ইং ৯ জুন ২০২০ তাৰিখে অগ্নিকাণ্ড সংঘটিত হল। খাদটোৰ দুৰ্ঘটনাৰ ফলত বাঘজান গাঁৱৰ কেইবাটাও বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যোৱাৰ লগতে ঘৰৰ স্থাৱৰ আৰু অস্থাৱৰ বহু সম্পত্তি ধ্বংসপ্ৰাপ্ত হল। ইয়াৰোপৰি ইয়াৰ পৰা ওলোৱা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ পৰা বাঘজান গাঁৱৰ লগতে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, মতাপুং মাগুৰি আন্তঃৰাষ্ট্ৰীয় পক্ষীবিল, নতুন গাওঁ, পুৰণি মতাপুং গাওঁ, হাতীবাট, গৰিয়াটিং গাওঁ আদি বহু ঠাইত ব্যাপক হাৰত শব্দ আৰু বায়ু প্ৰদূষণৰ সৃষ্টি হৈছিল। এই ঘটনাটোৱে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মতাপুং মাগুৰি বিলৰ পৰিৱেশ তন্ত্ৰত বিস্তৰ ক্ষতিসাধন কৰিছিল। আমি বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণ সংস্থাই জন্মলগ্নৰে পৰা মতাপুং মাগুৰি বিলৰ পৰিৱেশ সুৰক্ষাৰ কাৰণে মাত মাতি আহিছো। বাঘজানৰ উক্ত খাদটোৰ পৰা ক্ষতিগ্ৰস্ত লোকসকলে উপযুক্ত ক্ষতিপূৰণ পোৱাৰ লগতে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মতাপুং মাগুৰি বিলৰ পৰিৱেশ নিষ্কাষনৰ লগতে ভৱিষ্যতৰ সুৰক্ষাৰ উদ্দেশ্যৰে আমি বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণ সংস্থাই (Wildlife and Environment Conservation Organization, WECO) ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত (National Green Tribunal) এখনি আবেদন দাখিল কৰিছিলো। তাৰ পৰৱৰ্তী সময়ত কেছটো উচ্চতম ন্যায়ালয় পালেগৈ। শেষত মহামান্য উচ্চতম ন্যায়ালয়ে কেছটো চূড়ান্ত ৰায়দান কৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণক ক্ষতিগ্ৰস্ত সকলৰ ক্ষতিপূৰণ নিশ্চিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। আমি আশা ৰাখিছো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। এইক্ষেত্ৰত তিনিচুকীয়া জিলাৰ আয়ুক্ত মহোদয়ে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছো।

মতাপুং-মাগুৰি বিলখন সুৰক্ষাৰ স্বাৰ্থত ইমানদিনে আপোচ কৰা নাই, আগলৈও নকৰো।
19/12/2022

মতাপুং-মাগুৰি বিলখন সুৰক্ষাৰ স্বাৰ্থত ইমানদিনে আপোচ কৰা নাই, আগলৈও নকৰো।

মতাপুং-মাগুৰি বিল, এই জলাহভূমি খন ২৭°৩৪'৪৯.৯২" ৰ পৰা ২৭°৩৪'৩৪.৯৮" উত্তৰ অক্ষাংশ লৈ আৰু ৯৫°২১'৩৭.৬৮" ৰ পৰা ৯৫°২৪'১১.৩৯" প...
10/12/2022

মতাপুং-মাগুৰি বিল, এই জলাহভূমি খন ২৭°৩৪'৪৯.৯২" ৰ পৰা ২৭°৩৪'৩৪.৯৮" উত্তৰ অক্ষাংশ লৈ আৰু ৯৫°২১'৩৭.৬৮" ৰ পৰা ৯৫°২৪'১১.৩৯" পূৰ্ব দ্ৰাঘিমাংশলৈ বিস্তৃত। মতাপুং-মাগুৰি বিলখনক IBA (Important Bird Area) হিচাপে Birdlife International and Bombay Natural History Society নামৰ এটা বেচৰকাৰী সংস্থাই স্বীকৃতি প্ৰদান কৰিছে। বিলখন শেহতীয়াকৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডলৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco Sensitive Zone) হিচাপে স্বীকৃতি প্ৰদান কৰিছে।
প্ৰকৃতিৰ মনোমোহা অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ তিনিচুকীয়া জিলাৰ সদৰৰ নিচেই ওচৰৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ-পূৰ্ব দিশত থকা বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ পুৰণি মতাপুং গাঁৱৰ কাষৰ বৃহৎ আদ্ৰভূমিখনেই হ'ল মতাপুং-মাগুৰি বিল।
প্ৰকৃতিৰ উমাল পৰশত জীপাল হৈ উঠা জৈৱ-বৈচিত্ৰ্যৰে ভৰপুৰ তিনিচুকীয়া জিলাৰ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা অন্যতম বৃহৎ আদ্ৰভূমিখনেই মতাপুং-মাগুৰি বিল। পক্ষীৰ বাবে পোনতে নাম লব লগা তিনিচুকীয়া জিলাৰ উল্লেখযোগ্য স্থান এই বিলখন। এই বিলখন পক্ষীৰ সম্পৰ্কে গৱেষণা কৰিব বিচৰা দেশ-বিদেশৰ বিভিন্ন স্থানৰ গৱেষকৰ বাবে উপযুক্ত স্থান। প্ৰায় ১০ (দহ) কিঃমিঃ আগুৰি থকা এই বৃহৎ বিলখনত নানান প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী পক্ষীয়ে বিচৰণ কৰে। বছৰৰ চেপ্তেম্বৰ-অক্টোবৰ মাহৰ পৰা বিলখনলৈ পৰিভ্ৰমী পক্ষীসমূহৰ আগমণ ঘটে আৰু মাৰ্চ-এপ্ৰিল মাহলৈকে বিলখনত বিচৰণ কৰে। স্থানীয় পক্ষীসমূহ বছৰৰ সকলো সময়তে বিলখনত বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰিবলৈ পোৱা যায়। প্ৰতিবছৰে শীতকালত পৰিভ্ৰমী চৰাই সমূহৰ বিলখনলৈ আগমণ ঘটে। এই মতাপুং-মাগুৰি বিলখনত ২৯০ টাত কৈ অধিক প্ৰজাতিৰ চৰাই বিচৰণ কৰাৰ তথ্য সংগ্ৰহ কৰা হৈছে। পক্ষীৰ উপৰি বিলখনৰ জলভাগতো বহুতো প্ৰজাতিৰ মাছ, সৌন্দৰ্যবৰ্ধক মাছ আৰু ৬ টা মান প্ৰজাতিৰ কাছ আৰু কেইবাটাও প্ৰজাতিৰ সৰীসৃপ দেখিবলৈ পোৱা যায়।
মতাপুং-মাগুৰি বিলখনৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি পৰিৱেশ পৰ্যটন গঢ়ি তুলিব পৰা বহুত সম্ভাৱনা আছে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই অলপ চেষ্টা কৰিলেই বিলখনৰ পৰিৱেশক লৈ সুন্দৰকৈ পৰ্যটন উদ্যোগ গঢ় দিব পাৰিব। যাৰ পৰা স্থানীয় নিবনুৱা যুৱক যুৱতীসকল কিছু সংস্থাপন হোৱাৰ লগতে চৰকাৰেও ৰাজহ সংগ্ৰহ কৰিব পাৰিব।
মতাপুং-মাগুৰি বিলখনৰ ওপৰিও বাৰেকুৰি অঞ্চলত অতি সহজতে দেখা পোৱা ভাৰতবৰ্ষৰ একমাত্ৰ জীৱিত বনমানুহ হলৌক লৈ পৰ্যটন উদ্যোগ গঢ়ি তুলিব পৰা যাব। পৃথিৱীৰ বুকুৰ পৰা হেৰাই যাবলৈ ধৰা দুষ্প্ৰাপ্য বন্যপ্ৰাণীসমূহৰ অন্যতম এই হলৌ বাৰেকুৰি অঞ্চলৰ মানুহৰ ঘৰৰ বাৰীসমূহতে বসবাস কৰে। বাৰেকুৰি অঞ্চলৰ ৰাইজে এই বন্যপ্ৰাণী বিধক সংৰক্ষণ কৰি আহিছে। বিভাগীয় কৰ্তৃপক্ষই সদৃচ্ছা প্ৰকাশ কৰিলে এই বন্যপ্ৰাণী বিধক লৈও পৰ্যটন গঢ়ি তুলিব পাৰে।
কিন্তু এতিয়া গুৰুত্বপূৰ্ণ তথা চিন্তনীয় বিষয়টো হ'ল মতাপুং-মাগুৰি বিলৰ লগতে দুষ্প্ৰাপ্য হলৌৰ সংকটাপূৰ্ণ অৱস্থালৈ ক্ৰমান্বয়ে গতি কৰিছে। বহুজাতিক তৈল কোম্পানী অইল ইণ্ডিয়া লিমিটেডে মতাপুং-মাগুৰি বিলখনৰ চাৰিওফালে তৈলখাদ স্থাপন কৰাৰ ফলত বিলখনলৈ অশনি সংকেত কঢ়িয়াই আনিছে। ইতিমধ্যে ১৪ ছেপ্টেম্বৰ ২০১৮ তাৰিখে অইলৰ বিলৰ ওপৰত থকা পাইপ ফুটি খাৰুৱা তেল বিলৰ ওপৰত পৰি বিলখনৰ বৃহৎ ক্ষতিসাধন কৰিছিল। আকৌ শেহতীয়াকৈ ২৭ মে ২০২০ তাৰিখে অইলৰ বাঘজান BGR 5 নং তৈলখাদৰ ভয়াবহ অগ্নিকাণ্ডৰ কথা সকলোৱে জানে। এই দুয়োটা দুৰ্ঘটনাৰ ফলত মতাপুং মাগুৰি বিলখনৰ পৰিৱেশতন্ত্ৰত যি প্ৰভাৱ পৰিল তাৰ ফলশ্ৰুতিত বিলখন ধ্বংসৰ পথলৈ গতি কৰিব। অইল আকৌ বিলৰ কাষৰীয়া অঞ্চলত নতুনকৈ তৈলখাদ স্থাপন কৰি আছে যিবোৰে বিলখনলৈ বিপদৰ আংশকা আনিছে। ইয়াৰোপৰি প্ৰতিবছৰে বানপানীয়ে পলস পেলাই বিলখন পুতি আনিছে। ইফালে বাৰেকুৰি অঞ্চলৰ সম্পদ দুষ্প্ৰাপ্য হলৌৰ কাৰণেও বিভিন্ন বিপদ আহি আছে। বাৰেকুৰি অঞ্চলত উন্মুক্তকৈ অপৰিকল্পিত ভাৱে স্থাপন কৰা বৈদ্যুতিক তাঁৰত লাগি কেইবাটাও হলৌ মৃত্যুমুখত পৰিছে। ইয়াৰোপৰি অজ্ঞাত কাৰণতো বাৰেকুৰি অঞ্চলৰ হলৌ মৃত্যু হোৱা দৃষ্টিগোচৰ হৈছে। এনেদৰে গৈ থাকিলে খুব সোনকালেই বাৰেকুৰি অঞ্চলৰ হলৌ শেষ হৈ যাব। সেয়েহে সময় থাকোতেই মতাপুং মাগুৰি বিলখন আৰু বাৰেকুৰি অঞ্চলৰ হলৌ উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা নকৰিলে সকলো শেষ হবলৈ বেছি দিন নেলাগিব।।

আমাৰ প্ৰতিবাদে চৰকাৰ তথা বহুজাতিক তৈল কোম্পানীৰ একো এটা কৰিব নোৱাৰে সেই কথা জানো তথাপিও সদায় জৈৱ-বৈচিত্ৰ আৰু প্ৰাকৃতিক প...
08/12/2022

আমাৰ প্ৰতিবাদে চৰকাৰ তথা বহুজাতিক তৈল কোম্পানীৰ একো এটা কৰিব নোৱাৰে সেই কথা জানো তথাপিও সদায় জৈৱ-বৈচিত্ৰ আৰু প্ৰাকৃতিক পৰিৱেশৰ সুৰক্ষাৰ কাৰণে মাত মাতি আহিছো। মতাপুং-মাগুৰি বিলৰ অস্তিত্ব সংকটৰ সময়ত আকৌ এঘড়ী যুঁজিবলৈ সাজু হৈছো।

মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে পূৰ্ণ তিনিচুকীয়া জিলাৰ এখন অন্যতম বৃহৎ জলাহভূমি হ'ল মতাপুং-মাগুৰি বিল। দেশী-বিদেশী বিভিন্ন ...
13/12/2021

মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে পূৰ্ণ তিনিচুকীয়া জিলাৰ এখন অন্যতম বৃহৎ জলাহভূমি হ'ল মতাপুং-মাগুৰি বিল। দেশী-বিদেশী বিভিন্ন পক্ষীৰ কোলাহলত মুখৰিত বিলখনলৈ আহি সৌন্দৰ্য উপভোগ কৰাৰ লগতে কিছু মনোৰঞ্জন কৰিবলৈ আপোনালোকক নিমন্ত্ৰণ জনালো।

মতাপুং-মাগুৰিৰ মাণ্ডাৰীণ--মতাপুং-মাগুৰি বিল, এই জলাহভূমি খন ২৭°৩৪'৪৯.৯২" ৰ পৰা ২৭°৩৪'৩৪.৯৮" উত্তৰ অক্ষাংশ লৈ আৰু ৯৫°২১'৩...
21/09/2021

মতাপুং-মাগুৰিৰ মাণ্ডাৰীণ--

মতাপুং-মাগুৰি বিল, এই জলাহভূমি খন ২৭°৩৪'৪৯.৯২" ৰ পৰা ২৭°৩৪'৩৪.৯৮" উত্তৰ অক্ষাংশ লৈ আৰু ৯৫°২১'৩৭.৬৮" ৰ পৰা ৯৫°২৪'১১.৩৯" পূৰ্ব দ্ৰাঘিমাংশলৈ বিস্তৃত। মতাপুং-মাগুৰি বিলখনক IBA (Important Bird Area) হিচাপে Birdlife International and Bombay Natural History Society নামৰ এটা বেচৰকাৰী সংস্থাই স্বীকৃতি প্ৰদান কৰিছে। বিলখন শেহতীয়াকৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডলৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco Sensitive Zone) হিচাপে স্বীকৃতি প্ৰদান কৰিছে।
প্ৰকৃতিৰ মনোমোহা অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ তিনিচুকীয়া জিলাৰ সদৰৰ নিচেই ওচৰৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ-পূৰ্ব দিশত থকা বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ পুৰণি মতাপুং গাঁৱৰ কাষৰ বৃহৎ আদ্ৰভূমিখনেই হ'ল মতাপুং-মাগুৰি বিল।
এতিয়া কথা হ'ল অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানৰ BGR 5 তৈলখাদৰ ভয়াৱহ অগ্নিকাণ্ডৰ ফলত মতাপুং-মাগুৰি বিলখনৰ পৰিৱেশ তন্ত্ৰত বৃহৎ ক্ষতি হৈছিল। আমি স্থানীয় ৰাইজে বিলখন অতি সোনকালে নিষ্কাষণ কৰিবলৈ অইল ইণ্ডিয়া তথা চৰকাৰক দাবী জনাইছিলো যদিও কোনো এটা পক্ষই ইতিবাচক প্ৰদক্ষেপ গ্ৰহণ নকৰিলে। কিন্তু বিগত বৰ্ষত বিলখনলৈ পৃথিৱীৰ অন্যতম সুন্দৰ পক্ষী Mandarin Duck এহাল আকস্মিক ভাৱে অহাটোকেই বিলখনৰ পৰিৱেশ একো ক্ষতি হোৱা নাই সেই কাৰণে নতুন পক্ষী আহিছে বুলি ব্যাপক প্ৰচাৰ কৰি বিলৰ প্ৰদূষণৰ বিষয়টো তল পেলাবলৈ চেষ্টা কৰিলে। সেই Mandarin Duck বিলখনত কেইটা আছিল আৰু কিমানদিন থাকিল একো তথ্য কাৰো ওচৰত নাই। তেনেকৈ কাৎচিত কেতিয়াবা দুই এক বিৰল প্ৰজাতিৰ চৰাই বিলখনত পৰ্দাপন কৰাটো একো অস্বাভাৱিক কথা নহয়। কিয়নো দূৰ-দুৰনিলৈ যাত্ৰা কৰাৰ সময়ত এনেদৰে কিছুমান পক্ষীয়ে বিলখনত জিৰণি লৈ আকৌ গুছি যায়। কেইবছৰমান আগতে এনেদৰে বিলখনত কেইদিনমানৰ কাৰণে Greylag Goose বিচৰণ কৰা পৰিলক্ষিত হৈছিল। তাৰমানে বিলখনৰ পৰিৱেশ যে বিনষ্ট হোৱা নাই তেনে কথা নহয়। আমি কিন্তু প্ৰতিবছৰে বিলখনলৈ নতুন পক্ষীৰ আগমন হওঁক তাকেই কামনা কৰোঁ।
ফটো সংগ্ৰহ:- ইন্টাৰনেট।

15/11/2020

বাঘজানৰ জুই নুমালে। সকলোৱে শান্তি অনুভৱ কৰিছো। কিন্তু তাৰ লগতে আমি এইটো কথাও লক্ষ্য ৰাখিব লাগিব যে অইলে ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণৰ লগতে জৈৱ-বৈচিত্ৰ্য আৰু পৰিৱেশ উদ্ধাৰৰ কাৰণে কি প্ৰদক্ষেপ গ্ৰহণ কৰে।।

Address

Tinsukia
786170

Telephone

+919365352977

Website

Alerts

Be the first to know and let us send you an email when Wildlife and Environment Conservation Organisations - WECO posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Wildlife and Environment Conservation Organisations - WECO:

Share