Travel Asom

Travel Asom Travel Asom - Travel in Assam & Northeast

29/09/2022
Know Assam And Its NatureDiscover The Secrets Of Assam...........................
09/03/2021

Know Assam And Its Nature
Discover The Secrets Of Assam...........................

Do you want to know about Assam and its Historical places! Then you are in the right place. Today I am going to tell you...
10/02/2021

Do you want to know about Assam and its Historical places! Then you are in the right place. Today I am going to tell you about the Historical Places in Assam. Everyone only knows about the nature, culture and colourful festivals of Assam. But Assam is also rich in History. The History of Assam is not only a few hundred years old.....

Recognise the Historical Places in Assam and North-East India. You will also know about Ahom Architecture and the Kamakhya Temple of Assam

ঐতিহাসিক কমতা সাম্ৰাজ্যৰ সম্ৰাট নৰনাৰায়ণৰ কনিষ্ঠ ভাতৃ শুক্লধ্বজ সিংহ।কথিত আছে যে শতৰুৰ ওপৰত চিলনী ৰ দৰে জপিয়াই আক্ৰমন কৰ...
02/02/2021

ঐতিহাসিক কমতা সাম্ৰাজ্যৰ সম্ৰাট নৰনাৰায়ণৰ কনিষ্ঠ ভাতৃ শুক্লধ্বজ সিংহ।
কথিত আছে যে শতৰুৰ ওপৰত চিলনী ৰ দৰে জপিয়াই আক্ৰমন কৰাৰ এক অসাধাৰণ সমৰ কলা তেওঁ জানিছিল আৰু তেনেদৰেই শতৰুৰলগত মহা পৰাক্ৰমেৰে যুদ্ধ কৰিছিল বাবে তেওঁক চিলাৰায় বুলিও কোৱা হৈছিল ।

ইতিহাস বিদ সকলৰ মতে সম্ৰাট নৰনাৰায়ণৰ সাম্ৰাজ্য বিস্তাৰৰ ক্ষেত্ৰত মহাবীৰ চিলাৰায়েই মূখ্য ভুমিকা পালন কৰিছিল ।
অৰ্থাৎ মহাবীৰ চিলাৰায়ৰ নাম অবিহনে কোচ সাম্ৰাজ্যৰ ইতিহাস অসম্পূৰ্ণ বুলি একে কথাত কব পাৰি ।

মহাবীৰ চিলাৰায়ৰ পুত্ৰ আছিল ৰঘুৰায়।
ৰঘুৰায়ৰ পুত্ৰৰ নাম আছিল পৰীক্ষিত নাৰায়ণ আৰু পৰীক্ষিত নাৰায়ণৰ পুত্ৰ মহাৰাজ বিজিত নাৰায়ণ ।

ইতিহাসৰ পাত খুচৰি পোৱাযায় যে
1671 চনত পৰীক্ষিত নাৰায়ণৰ পুত্ৰ মহাৰাজ বিজিত নাৰায়ণে যত আজিৰ বিজনী চহৰ হিচাপে জনাজাত
সেই অঞ্চলতেই স্থাপন কৰিছিল বিজনী ৰাজ্যৰ প্ৰথম ৰাজধানী ।

ক্ৰমশঃ ........

Happy Republic Day Too All The Member of Travel Asom…..
25/01/2021

Happy Republic Day Too All The Member of Travel Asom…..

ৰাণী অভয়েশ্বৰীৰ সপোনৰ নগৰী অভয়াপুৰী। কবি- সাহিত্যিকৰ ভাষাত দেবদাৰু নগৰী ।উত্তৰ-পূব ভাৰতৰ দুৱাৰ মুখ গুৱাহাটী মহানগৰীৰ পৰা...
22/01/2021

ৰাণী অভয়েশ্বৰীৰ সপোনৰ নগৰী অভয়াপুৰী। কবি- সাহিত্যিকৰ ভাষাত দেবদাৰু নগৰী ।

উত্তৰ-পূব ভাৰতৰ দুৱাৰ মুখ গুৱাহাটী মহানগৰীৰ পৰা দুটা ৰাষ্ট্ৰীয় ঘাইপথেৰে আহিব পাৰি।
এই দুটা পথ ক্ৰমে,
গুৱাহাটীৰ পৰা ৰঙিয়া তথা শিমলাগুৰি হৈ অভয়াপুৰী।
আনটো গুৱাহাটীৰ পৰা গোৱালপাৰা তথা যোগীঘোপা হৈ অভয়াপুৰী।

গুৱাহাটীৰ পৰা ৰঙিয়া তথা শিমলাগুৰি হৈ অভয়াপুৰীলৈ অহা পথটোৰ দৈৰ্ঘ্য হৈছে
214 কিলোমিটাৰ ।
গুৱাহাটীৰ পৰা গোৱালপাৰা তথা যোগীঘোপা হৈ অভয়াপুৰীলৈ অহা পথটোৰ দৈৰ্ঘ্য হৈছে 138 কিলোমিটাৰ ।

গুৱাহাটী আৰু অভয়াপুৰীৰ ভূ খণ্ডৰ মাজত আছে অসমৰ আয়ুস ৰেখা শ্বৰূপ বৰলুইত । অৰ্থাৎ ব্ৰহ্মপুত্ৰ নৈ।

ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ কৰিছে দুখন বৃহৎ সেঁতুৱে।
সেয়া হৈছে
শৰাইঘাটৰ সেঁতু আৰু নৰনাৰায়ণ সেঁতু ।

গুৱাহাটীৰ পৰা ৰঙিয়া তথা শিমলাগুৰি হৈ অভয়াপুৰীত অহা পথটোত আছে শৰাইঘাটৰ সেঁতু ।
যাৰ দৈৰ্ঘ্য হৈছে 1492 মিটাৰ।
আৰু গুৱাহাটীৰ পৰা গোৱালপাৰা তথা যোগীঘোপা হৈ অভয়াপুৰীত অহা পথটোত আছে নৰনাৰায়ণ সেঁতু ।
যাৰ দৈৰ্ঘ্য হৈছে 2284 মিটাৰ ।
অৰ্থাৎ শৰাইঘাটৰ সেঁতুতকৈ নৰনাৰায়ণ সেঁতুৰ দৈৰ্ঘ্য 792 মিটাৰ অধিক ।

ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ কৰিবলৈ 1958-59 চনত আৰম্ভ হোৱা শৰাইঘাটৰ সেঁতুৰ কাম সম্পূৰ্ণ হয়গৈ
1963 চনৰ চেপ্তেম্বৰ মাহত।
অৰ্থাৎ উক্ত সেঁতু প্ৰায় তিনি বছৰত সাজি উলিওৱা হয় ।

1492 মিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক শৰাইঘাটৰ সেঁতুৰ বিশেষত্ব হ'ল এইটো দুখলপিয়া। (DOUBLE DECKER) ।
ইয়াৰে ওপৰৰ খলপ পথচাৰী তথা গাড়ী অহা যোৱা কৰাৰ বাবে আৰু তলৰ খলপ ৰেল গাড়ীৰ বাবে ।

এই ঠাইৰ লগত অসমৰ এক ডাঙৰ ইতিহাস জৰিত হৈ আছে ।
1671 চনত মোগল সেনাৰ লগত আহোম সেনাৰ অন্তিম খন যুদ্ধ হৈছিল এই ঠাইতেই।
সেই সময়ত দেশৰ ইতিহাসত হয়তো সেয়াই আছিল একমাত্ৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নদী যুদ্ধ !
এই যুদ্ধত মোগল সকলৰ আনুমানিক চাৰি হেজাৰৰো অধিক যোদ্ধাই আহোম সৈনিকৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছিল ।

পৰৱৰ্তী সময়ত অৰ্থাৎ 1958-59 চনত
ভাৰত চৰকাৰে এই স্থানত শৰাইঘাটৰ সেঁতুৰ কাম আৰম্ভ কৰি
1962 চনত নিৰ্মাণ কাৰ্য্য শেষ কৰিবলৈ সক্ষম হয়।

মোগলৰ সৈতে হোৱা আহোমৰ শেষৰখন ঐতিহাসিক যুদ্ধ এই ঠাইত হোৱা বাবেই
শৰাইঘাটৰ সেঁতু দেশী-বিদেশী পৰ্য্যটক সকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ।

গুৱাহাটীৰ পৰা অভয়াপুৰীলৈ অহা আনটো পথ হল, গোৱালপাৰা তথা যোগীঘোপা হৈ অভয়াপুৰী।

এই পথচোৱাত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ যাতায়ত সুচল কৰি তুলিছে আনটো বৃহৎ সেঁতুৱে ।
এই সেঁতুৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ আগেয়ে এই ঠাইত ফেৰীৰ ব্যবস্থা আছিল ।

কোচ সাম্ৰাজ্যৰ মহা প্ৰতাপী ৰজা নৰনাৰায়ণৰ নাম চিৰযুগমীয়া কৰি ৰাখিবলৈ এই সেঁতু নৰনাৰায়ণ সেঁতু নামে নামাকৰণ কৰা হয়।

1998 চনৰ 15 এপ্ৰিলত নৰনাৰায়ণ সেঁতু
তেতিয়াৰ প্ৰধানমন্ত্ৰী
অটল বিহাৰী বাজপেয়ীয়ে ৰাইজৰ বাবে মুকলি কৰে।

এই সেঁতুৱো শৰাইঘাটৰ সেঁতুৰ দৰে দুখলপিয়া (DOUBLE DECKER) ।
ইয়াৰ ওপৰৰ খলপ পথচাৰী তথা গাড়ী চলাচল কৰাৰ বাবে আৰু তলৰ খলপ ৰেল গাড়ীৰ বাবে ।

ব্ৰহ্মপুত্ৰৰ ওপৰত থকা তৃতীয়তম্ দৈৰ্ঘ্যৰ সেঁতুখনেই হ'ল এই নৰনাৰায়ণ সেঁতু ।
যি নিশাৰ অন্ধকাৰত বৈদ্যুতিক চাকিৰ পোহৰত সাজি-কাচি যেন ন গাভৰুৰ ৰূপত পৰ্য্যটকক আকৰ্ষণ কৰে।

নৰনাৰায়ণ সেঁতুৰ পৰা 19 কিলোমিটাৰ উত্তৰে আগবাঢ়ি আহিলে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত ক্ৰমে দুখন ৰেল গেট পোৱা যায় ।
ইয়াৰে প্ৰথমটো চলন্তাপাৰা আৰু দ্বিতীয়টো দেওহাটী ।
স্থানীয় সকলে এই ঠাইক দেওহাটী টাৰ্ণিং বুলি কয় যদিও গুগলৰ মানচিত্ৰত এই ঠাইক ঘণকুৰ্শা বুলিহে জনাযায়।

দেওহাটী টাৰ্ণিংৰ পৰা সোঁ হাতে
অৰ্থাৎ 5.3 কিলোমিটাৰ পূৱ ফালে আগবাঢ়ি আহিলেই পোৱা যায়
দেবদাৰু নগৰী ৰূপে পৰিচিত
ৰাণী অভয়েশ্বৰীৰ সপোনৰ নগৰী অভয়াপুৰী।

দেওহাটী টাৰ্ণিংৰ পৰা অভয়াপুৰীলৈ অহা বিবৰণ পিছলৈ প্ৰকাশ কৰা হব।🙏🏻🙂

✍আমাৰ লিখনিবোৰ ভাল লাগিলে
আমাৰ পৃষ্ঠাটো LIKE তথা SHARE কৰিবলৈ নাপাহৰিব 👍🏻🙂
আপোনালোকৰ প্ৰেৰণায়েই আমাৰ উৎসাহ 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

Address

Abhayapuri
Bongaigaon
783384

Alerts

Be the first to know and let us send you an email when Travel Asom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Travel Asom:

Share

Category