সামাজিক সুৰক্ষা বাহিনী - অসম

  • Home
  • India
  • Guwahati
  • সামাজিক সুৰক্ষা বাহিনী - অসম

সামাজিক সুৰক্ষা বাহিনী - অসম সমাজৰ শান্তি - সুৰক্ষা আৰু ৰাইজৰ সেৱাৰ লগতে সদস্য সকলৰ সামাজিক নিৰাপত্তা আমাৰ লক্ষ্য।
( সত্য আৰু ন্যায়ৰ পক্ষত , অন্যায়ৰ বিপক্ষত )

27/08/2025

Join WhatsApp Group ____

22/06/2025

✅ আমাৰ দৰে আপুনিও যদি নিজৰ বা পৰিয়ালৰ নিৰাপত্তাহীনতা অনুভব কৰিছে , তেন্তে এই কথাখিনি বিশেষকৈ আপোনাৰ বাবে । 🙏

আমি সকলোৱে জানো যে বৰ্তমান আমাৰ সমাজ ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংসৰ হৈ পৰিছে , হিংসা - হত্যা , অন্যায় - অত্যাচাৰ , অনিয়ম - অবিচাৰ , অপহৰণ - ধৰ্ষণ আদিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ সমাজত ভয়াৱহ ভাৱে বৃদ্ধি হৈছে লগতে দিনক দিনে বৃদ্ধি পোৱা নিবনুৱা সমস্যাৰ বাবেও বহু লোকৰ মাজত আৰ্থিক সমস্যা সৃষ্টি হোৱা দেখা গৈছে , যাৰ বাবে একাংশ লোকে ভুল পথেৰে টকা উপাৰ্জন কৰিবলৈ বা অপৰাধ মূলক কাৰ্যৰ লগত জড়িত হ'বলৈ বাধ্য হৈ পৰিছে । ইয়াৰ ফলতে হয়তু অপৰাধ মুকল কাৰ্যকলাপ অধিক বৃদ্ধি পাইছে আৰু আমাৰ সমাজ ব্যৱস্থা অস্থিৰ কৰি তুলিছে । সাধাৰণ কথাতে মানুহে - মানুহক নৃশংস ভাৱে হত্যা কৰা ঘটনা আজিৰ সমাজত সহজ আৰু সুলভ হৈ পৰিছে , কʼত , কেতিয়া , কাৰ লগত কি সমস্যা বা ঘটনা সৃষ্টি হয় কোনেও নাজানে , ঘৰৰ বাহিৰতে হওঁক বা ভিতৰতে হওঁক কতো কোনো সুৰক্ষিত নহয় । শিশু পৰা বৃদ্ধলৈকে , পুৰুষ পৰা মহিলা লৈকে সকলো নিৰাপত্তাহীনতাত ভোগীব লগা হৈছে। ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰ , আৰক্ষী - প্ৰশাসন যিমানেই শক্তিশালী হৈছে , সমাজত অপৰাধ মূলক কাৰ্য সিমানেই বৃদ্ধি হোৱা দেখা গৈছে । ইয়াৰ বাবে দায়ী কোন ? সঁচা অৰ্থত কবলৈ গ'লে , সমাজৰ প্ৰতিজন লোক ইয়াৰ বাবে সমানেই দায়ী , কাৰণ সমাজৰ শান্তি - সুৰক্ষাৰ ক্ষেত্ৰত সমাজৰ প্ৰতিজন নাগৰিকৰ নিজৰ সমাজখনৰ প্ৰতি কিছুমান সামাজিক দায়িত্ব আৰু কৰ্তব্য থাকে , কিন্তু আমি কিমানে সেই দায়িত্ব পালন কৰো , কেৱল চৰকাৰ , আৰক্ষী - প্ৰশাসনৰ ওপৰত দোষ জাপি দি নিজৰ দায়িত্বৰ পৰা আতৰি থাকিব বিচাৰো। কোনোৱা এজন বা দুজনে সামাজিক দায়বদ্ধতা পালন কৰিবলৈ আগবাঢ়ি আহিলেও , একাংশ লোকে তেওঁলোকক সহায় কৰাৰ বিপৰিতে বিভিন্ন প্ৰকাৰেৰে বিৰোধিতা কৰিবলৈ চেষ্টা কৰে , ইয়াতে এটা কথা মানিব লাগিব যে বৰ্তমান সময়ত আধুনিকতাৰ যান্ত্ৰিক যুগত মানুহ নিজকলৈ অধিক ব্যস্ত , একাংশ লোকৰ বাবে হয়তু সমাজৰ কথা দূৰতেই , নিজৰ পৰিয়ালৰ কথা বা ঘৰত অকলশৰীয়ালৈ থকা বৃদ্ধ মাতৃ - পিতৃ কথাও চিন্তা কৰিবলৈ সময় নাই । সমাজৰ সকলো লোকৰ মাজত প্ৰায়ে একেই অৱস্থা। সামাজিক দায়বদ্ধতা পালন কৰিবলৈ কাৰো ওচৰত বিশেষ সময় নাই আৰু যি কাম কৰিলে আনৰ সমালোচনা বা বিৰোধীতাৰ সন্মুখীন হ'ব লগা হয় , সেই কাম কোনেও কৰিব নিবিচাৰে । সেয়ে এই বিষয়ত ৰাইজৰ মাজত সামাজিক দায়বদ্ধতাৰ ওপৰত বিশেষ সজাগতাৰ প্ৰয়োজন আছে বুলি আমি ভাবো আৰু স্কুল - কলেজৰ ছাত্ৰ - ছাত্ৰী সকলৰ লগতে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত সামাজিক দায়বদ্ধতাৰ বিষয়ে অধিক সজাগতাৰ প্ৰয়োজন আছে । কিন্তু ইয়াৰ বাবে চৰকাৰ বা আৰক্ষী - প্ৰশাসনেও উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব । আমি জানো বৰ্তমান সময়ত ৰাইজৰ সুৰক্ষাৰ ক্ষেত্ৰত তথা সকলো সময়তে , সকলো ঠাইতে , সকলোকে নিৰাপত্তা প্ৰদান কৰাটো আৰক্ষী - প্ৰশাসনৰ বাবেও সম্ভৱ নহয় । সেই এই ক্ষেত্ৰত ৰাইজেও নিজৰ সমাজখনৰ সুৰক্ষাৰ ক্ষেত্ৰত সামাজিক ভাৱে কিছু নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰাও প্ৰয়োজন আহি পৰিছে । সেয়ে এই সকলো বোৰ কথা চিন্তা কৰি , সঠিক গবেষণা আৰু পৰিকল্পনাৰ মাজেৰে সামাজিক আৰু শান্তিপূৰ্ণ পদ্ধতিৰে সকলো সময়তে , সকলো ঠাইতে , ৰাইজৰ মাজত শান্তি - নিৰাপত্তা অটুত ৰক্ষা কৰিবলৈ " সামাজিক সুৰক্ষা বাহিনী " ৰ নামেৰে এক বিশেষ সামাজিক সংগঠন গঠন কৰিছো আৰু এই সংগঠনৰ অধীনত সদস্য ভৰ্তি অভিযানৰ যোগেদি প্ৰতিখন গাওঁ আৰু নগৰ অঞ্চল সমূহত সদস্য সকলৰ মাজত ⚔ সদস্য সেৱা বাহিনী ⚔ গঠন কৰি ৰাইজ মাজত সামাজিক দায়বদ্ধতাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে ৰাইজক সামাজিক দায়বদ্ধতা পালন কৰাৰ দিশত আগুৱাই আনিবলৈ তথা সমাজ ব্যৱস্থাক সুৰক্ষিত কৰি ৰাখিবলৈ বিশেষ প্ৰচেষ্টা হাতত লোৱা হৈছে । যাৰ জৰিয়তে সমাজৰ তথা ৰাইজৰ বিভিন্ন সামাজিক সমস্যা সমূহ সহজতে সমাধান কৰি সমাজত শান্তি - শৃংখলা অটুত ৰক্ষা কৰাৰ লগতে ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰা যাব। সেয়েহে সমাজৰ শান্তি - সুৰক্ষাৰ লগতে ৰাইজৰ সেৱাৰ স্বাৰ্থত " সামাজিক সুৰক্ষা বাহিনীক বিশেষ ভাৱে সাজু কৰিবলৈ জাতি - ধৰ্ম , ভাষা - বৰ্ণ নিৰ্বিশেষ সকলো ৰাইজৰ সহযোগিতা আৰু সদস্যতা গ্ৰহণ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ । ধন্যবাদ ।

________ সৌৰভ অসমীয়া
( পৰিচালক - সামাজিক সুৰক্ষা বাহিনী )

✅ যি সকল ব্যক্তিয়ে বা যুৱক - যুৱতীয়ে সমাজৰ শান্তি - সুৰক্ষাৰ স্বাৰ্থত সামাজিক সুৰক্ষা বাহিনীৰ সদস্যতা গ্ৰহণ কৰিব বা নিজৰ গাওঁ বা নগৰ অঞ্চলত গঠন কৰা সদস্য সেৱা বাহিনীৰ লগত জড়িত হৈ সক্ৰিয় ভাৱে সামাজিক দায়বদ্ধতা পালন কৰিব। সেই সদস্য সকলৰ বাবে বিশেষ সেৱা আৰু সুৰক্ষা ব্যৱস্থা গঢ়িতোলা হ'ব।

🔵 সদস্য সকলৰ বিশেষ সেৱা আৰু সুবিধা সমূহ :::

1⃣ - সক্ৰিয় সদস্য সকলক শিক্ষা , চিকিৎসা , নিয়োগ আৰু আইনী সেৱাৰ লগতে ব্যৱসায় - বাণিজ্য বা কৃষি কৰ্মত বিশেষ সেৱা প্ৰদান কৰা হ'ব।
2⃣ - আৰ্থিক ভাৱে দুৰ্বল সদস্য - সদস্যা সকলক পৰিয়ালৰ আৰ্থিক ভেটি সবল কৰিবলৈ বিভিন্ন প্ৰকাৰেৰে সহায় - সহযোগিতা কৰিবলৈ চেষ্টা কৰা হ'ব।
3⃣ - সত্য আৰু ন্যায়ৰ পক্ষত থকা কোনো সদস্যৰ যিকোনো বিপদৰ সন্মুখীন হ'লে , সেই সদস্য গৰাকীৰ সহায় আৰু সুৰক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
4⃣ - বিশেষ দায়িত্বত থকা সদস্য সকলৰ লগতে সদস্য গৰাকীৰ পৰিয়ালৰ লোকৰ সেৱা আৰু সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব।
5⃣ - কোনো সদস্য মৃত্যু হলে সেই সদস্য গৰাকীৰ পৰিয়ালক সহায় কৰা আৰু পৰিয়ালটোৰ ভবিষ্যৎ সুৰক্ষিত কৰাৰ দিশত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
6⃣ - বিশেষ সদস্য বা শুভাকাংক্ষী হিচাপে জড়িত থকা ব্যক্তি সকলৰ আৰু পৰিয়ালৰ সেৱা আৰু সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ দায়িত্ব পালন কৰা হ'ব।
7⃣ - বহিৰাজ্যত বা বিদেশত থকা সদস্য সকলৰ বা পৰিয়ালৰ লোক সকলক সেৱা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সদস্য সেৱা বাহিনীৰ যোগেদি বিশেষ প্ৰচেষ্টা হাতত লোৱা হ'ব।

✅ যদি আপুনি সামাজিক সুৰক্ষা বাহিনীৰ সদস্যতা গ্ৰহণ কৰিব বিচাৰে বা বাহিনীৰ বিশেষ দায়িত্বলৈ নিজৰ সমাজখনৰ সুৰক্ষাৰ বাবে কাম কৰিবলৈ ইচ্ছা কৰিছে , তেন্তে তলত দিয়া WhatsApp নম্বৰত আমাৰ লগত যোগাযোগ কৰিব পাৰিব।
☎ Official WhatsApp No :
9435939068 / 6001176194

সামাজিক সুৰক্ষা বাহিনীৰ বিষয়ে সবিশেষ জানিবলৈ আমাৰ WhatsApp গ্ৰুপত Join হ'ব পাৰিব। বা page টো follow কৰিব পাৰিব। ধন্যবাদ 🙏
✅ Join Telegram Group Link ___
https://t.me/blackdragonassam

সমাজৰ শান্তি - সুৰক্ষাৰ লগতে ৰাইজৰ সেৱা আৰু সামাজিক নিৰাপত্তাৰ স্বাৰ্থত*সামাজিক সুৰক্ষা বাহিনী* ৰ*সাধাৰণ সদস্যতা* গ্ৰহণ ...
17/06/2025

সমাজৰ শান্তি - সুৰক্ষাৰ লগতে ৰাইজৰ সেৱা আৰু সামাজিক নিৰাপত্তাৰ স্বাৰ্থত
*সামাজিক সুৰক্ষা বাহিনী* ৰ
*সাধাৰণ সদস্যতা* গ্ৰহণ কৰিবলৈ আগ্ৰহী ব্যক্তি আৰু যুৱক - যুৱতী সকলোলৈকে আমাৰ অনুৰোধ।

আপোনালোকৰ পৰা আমাক একো নালাগে , সাধাৰণ সদস্য ভৰ্তিৰ বাবেও কোনো ধৰণৰ বৰঙণি দিব নালাগে।

আপোনালোক কেৱল নিজৰ সমাজ খনৰ শান্তি - সুৰক্ষাৰ বাবে লগতে বিপদৰ সময়ত এজনে আন জনক সহায়ৰ বাবে সামাজিক দায়বদ্ধতা পালন কৰক আৰু এখন সুন্দৰ , শান্তিপূৰ্ন আৰু প্ৰগতিশীল সমাজ গঢ়িতোলাৰ দিশত সক্ৰিয় সদস্য হিচাপে আমাক সহায় কৰক।

এই সামাজিক দায়বদ্ধতা পালন কৰাৰ বাবে আৰু সক্ৰিয় ভাৱে আমাক সহায় কৰাৰ বাবে আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰত তথা যিকোনো জটিল সমস্যা বা বিপদৰ সন্মূখীন হলে সামাজিক সুৰক্ষা বাহিনীৰ তৰফৰ পৰা বিশেষ সেৱা আৰু সুৰক্ষাৰ ব্যৱস্থা কৰা হব।

সাধাৰণ সদস্যতা গ্ৰহণ কৰিবলৈ আগ্ৰহ কৰা সকলে তলত দিয়া লিংক নিজৰ নিজৰ জিলাৰ নামত থকা WhatsApp Group সমূহত Join হ'ব পাৰিব।

✅ *Join WhatsApp Group Link _* https://chat.whatsapp.com/C3HJJyM3N57H54GOc9RvyS

বি: দ্ৰ: যি সকলে নিজৰ নিজৰ গাওঁ বা নগৰত *সদস্য সেৱা বাহিনী* গঠন কৰিব বা *অধিনায়ক* হিচাপে দায়িত্বলৈ কাম কৰিবলৈ আগ্ৰহ কৰিছে , সেই সকলৰ বাবে আবেদন প্ৰক্ৰিয়াৰ বিষয়ে এই গ্ৰুপত প্ৰকাশ কৰা হব। ধন্যবাদ ।।🙏

WhatsApp Group Invite

সমাজৰ শান্তি - সুৰক্ষাৰ লগতে ৰাইজৰ সেৱা আৰু সামাজিক নিৰাপত্তাৰ স্বাৰ্থত" সামাজিক সুৰক্ষা বাহিনী " ৰ" সাধাৰণ সদস্যতা " গ্...
17/06/2025

সমাজৰ শান্তি - সুৰক্ষাৰ লগতে ৰাইজৰ সেৱা আৰু সামাজিক নিৰাপত্তাৰ স্বাৰ্থত
" সামাজিক সুৰক্ষা বাহিনী " ৰ
" সাধাৰণ সদস্যতা " গ্ৰহণ কৰিবলৈ আগ্ৰহী ব্যক্তি আৰু যুৱক - যুৱতী সকলোলৈকে আমাৰ অনুৰোধ।

আপোনালোকৰ পৰা আমাক একো নালাগে , সদস্য ভৰ্তিৰ বাবেও কোনো ধৰণৰ বৰঙণি দিব নালাগে।

আপোনালোক কেৱল নিজৰ সমাজ খনৰ শান্তি - সুৰক্ষাৰ বাবে লগতে বিপদৰ সময়ত এজনে আন জনক সহায়ৰ বাবে সামাজিক দায়বদ্ধতা পালন কৰক আৰু এখন সুন্দৰ , শান্তিপূৰ্ন আৰু প্ৰগতিশীল সমাজ গঢ়াৰ ক্ষেত্ৰত সক্ৰিয় সদস্য হিচাপে বিশেষ ভূমিকা গ্ৰহণ কৰক।

এই সামাজিক দায়বদ্ধতা পালন কৰাৰ বাবে আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সামাজিক নিৰাপত্তাৰ ক্ষেত্ৰত তথা যিকোনো জটিল সমস্যা বা বিপদৰ সন্মূখীন হলে সামাজিক সুৰক্ষা বাহিনীৰ তৰফৰ পৰা বিশেষ সেৱা আৰু সুৰক্ষাৰ ব্যৱস্থা কৰা হব।

সাধাৰণ সদস্যতা গ্ৰহণ কৰিবলৈ আগ্ৰহ কৰা সকলে তলত দিয়া লিংক নিজৰ নিজৰ জিলাৰ নামত থকা WhatsApp Group সমূহত Join হ'ব পাৰিব।

✅ Join WhatsApp Group Link _ https://chat.whatsapp.com/C3HJJyM3N57H54GOc9RvyS

বি: দ্ৰ: যি সকলে নিজৰ নিজৰ গাওঁ বা নগৰত " সদস্য সেৱা বাহিনী " গঠন কৰিব বা ! অধিনায়ক " হিচাপে দায়িত্বলৈ কাম কৰিবলৈ আগ্ৰহ কৰিছে , সেই সকলৰ বাবে আবেদন প্ৰক্ৰিয়াৰ বিষয়ে এই গ্ৰুপত প্ৰকাশ কৰা হব। ধন্যবাদ ।।🙏

WhatsApp Group Invite

16/06/2025

Official Telegram Group Link _

13/06/2025

সদস্য সকলৰ সুবিধার্থে সামাজিক সুৰক্ষা বাহিনী ৰ Telegram Group মুকলি।

সকলোৰে সহযোগিতা আৰু যোগদান কামনা কৰিলোঁ।🙏

Telegram Group Link__ https://t.me/spgassam

_______🙏🙏🙏_______

আগ্ৰহী ব্যক্তি আৰু যুৱক - যুৱতী সকলৰ " সামাজিক সুৰক্ষা বাহিনী " ৰ " স্থায়ী সদস্যতা " গ্ৰহণৰ বাবে তলত দিয়া লিংকত আবেদন কৰ...
12/06/2025

আগ্ৰহী ব্যক্তি আৰু যুৱক - যুৱতী সকলৰ " সামাজিক সুৰক্ষা বাহিনী " ৰ " স্থায়ী সদস্যতা " গ্ৰহণৰ বাবে তলত দিয়া লিংকত আবেদন কৰক।
https://surveyheart.com/form/684974e1a62aeb63e49acfca

বি: দ্ৰ: - অনলাইন আবেদন সম্পূৰ্ণ কৰাৰ পাছত সদস্য সকলে পৰিচয় পত্ৰ ( ID Card ) লাভ কৰিবৰ বাবে নিজৰ এখন ফটো লগতে আধাৰ বা ভোটাৰ কাৰ্ডৰ ফটো আমালৈ প্ৰেৰণ কৰিব। ( পৰিচয় পত্ৰ Id Card আৰু প্ৰয়োজনী নথি - পত্ৰ সমূহ ডাক যোগে লাভ কৰিব ) 🙏

সামাজিক সুৰক্ষাৰ বাহিনীৰ বিষয়ে অধিক জানিবলৈ আমাৰ page ত চাব পাৰিব।
📌 page Link ___
https://www.facebook.com/spgassam
( Page টো Link - Follow কৰিবলৈ নাপাহৰিব।)
____________ ধন্যবাদ 🙏

11/06/2025
11/06/2025

Address

Ambari
Guwahati

Alerts

Be the first to know and let us send you an email when সামাজিক সুৰক্ষা বাহিনী - অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to সামাজিক সুৰক্ষা বাহিনী - অসম:

Share