27/08/2026
কিমান সুৰক্ষিত কাজিৰঙাৰ দক্ষিণৰ কাৰ্বি পাহাৰ চাওঁক..
সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে নেকি বনবিভাগ!!
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাই একাংশ লোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে থকা কাৰ্বি পাহাৰত এনেদৰেই খনন কাৰ্য চলাই অহাৰ কথা পোহৰলৈ আহিছে।অৱশ্যে এই ক্ষেত্ৰত সচেতনতাৰ পৰিচয় দিছে গোলাঘাট জিলা সদৌ টাই আহোম ছাত্ৰ সন্থাই। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি আৰু কাজিৰঙা কাজিৰঙা আঞ্চলিক সমিতিৰ এটা দলে পাহাৰ খনন কৰি মাটি আনি থকা অৱস্থাত উক্ত ঠাইত উপস্থিত হয় খনন বন্ধ কৰিবলৈ দাবী জনাই। ইয়াৰ পাছতে গোলাঘাট জিলা টাই আহোম ছাত্ৰ সন্থাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াক অবাধ বনধ্বংস বন্ধ কৰিবলৈ এক স্মাৰক পত্ৰৰ জৰিয়তে অৱগত কৰে লগতে গোলাঘাট জিলা টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি পংকজ গগৈ, কাৰ্যকৰী -সভাপতি দিগন্ত গগৈ, যুটীয়া সম্পাদকদ্বয় অংকুৰ কোঁৱৰ আৰু ভাস্কৰজ্যোতি ফুকনে স্বাক্ষৰ কৰা উক্ত স্মাৰক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱালৈও প্ৰতিলিপি প্ৰেৰণ কৰে ২১ আগষ্টত।
আৰু এদিন পিছতে কাৰ্বি আংলং জিলাৰ বনবিভাগৰ লোক খনন কাৰ্য চলাই থকা উক্ত ঠাই বন্ধ কৰি দিয়ে। এই ক্ষেত্ৰত বনবিভাগৰ বিয়াগোম বিভাগটোৱে উচিত দায়িত্ব পালন নকৰিলে এনেদৰে পাহাৰ খনন কৰি বনধ্বংস কৰিয়েই থাকিব। এই ক্ষেত্ৰত সাহসীকতাৰে আগবাঢ়ি অহা টাই আহোম কাজিৰঙা আঞ্চলিক সমিতিৰ সকলো বিষয়ববীয়া অধিক ধন্যবাদৰ পাত্ৰ। আনহাতে উপযুক্ত প্ৰমাণ পোৱাৰ পিছতো ভুমাফিয়াৰ বিৰুদ্ধে বনবিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেইটোও লক্ষণীয় হ'ব।
কাজিৰঙাক অসাধু লোকৰ পৰা সুৰক্ষিত কৰিবলৈ ওলাই অহা এই ধাৰা অব্যাহত ৰাখিবলৈ সকলোৱে উৎসাহিত কৰিব এই সমিতিখনক।
কাজিৰঙাৰ বনধ্বংস তথা পাৰিপাৰ্শ্বিক ক্ষতিৰ ফলত জীৱকুলৰ প্ৰতি ভাবুকিৰ ওপৰিও এদিন জলপ্ৰলয়ৰ কৰণো নহবনে বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিছে।
আনহাতে লাখ লাখ গছপুলি ৰোপণ কৰা বনবিভাগৰ ওচৰতে কেনেকৈ হৈছে বনধ্বংস..
ক'ত গ'ল কাজিৰঙাৰ বিয়াগোম বিভাগ...
কি কৰি থাকে কাৰ্বি আংলঙৰ বনবিভাগে...
এনে বহুতো লাখটকীয়া প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে। ইয়াত মাত্ৰ কেইখনমান ফটোহে সংলগ্ন কৰা হৈছে।
চন্দন নাথ, কাজিৰঙা ৯৬৭৮৩২১৬৩৩
(হুবহু copy past কৰি share কৰিব পাৰিব)