12/10/2023
-: ভেল্লোৰ অসম ভৱন আৰু ইয়াৰ সুবিধাসমূহ :-
*****************************************
"ভেল্লোৰ " বুলি ক'লেই আমাৰ চকুত ভাঁহি উঠে এনে এখনি ঠাই , য'ত প্ৰতি বছৰেই অসমৰ পৰা হাজাৰ হাজাৰ ৰোগী উন্নত চিকিৎসাৰ বাবে যায়। ভেল্লোৰ সাধাৰণতে স্বাস্থ্য আৰু শিক্ষা নগৰী নামেৰে জনাজাত। ভেল্লোৰলৈ যাবলৈ অসমৰ পৰা পোনপটীয়া বিমান সেৱা নাই। অসমৰ পৰা চেন্নাইলৈ বিমান সেৱা আছে আৰু তাৰপৰা গাড়ীৰে যাত্ৰা কৰিব লাগে। সেইবাবে অসমৰ পৰা বেছিভাগলোকেই ট্ৰেইনত যাতায়ত কৰে। এই ভেল্লোৰতেই আজি বহু বছৰ ধৰি এটি চৰকাৰী অতিথিশালাৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰা হৈছিল। কিন্তু যোৱা ২৬ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীহিমন্ত বিশ্বশৰ্মাদেৱে তামিলনাডুৰ এই সুন্দৰ চহৰখনত এটি আটক ধুনীয়া অসম ভৱন ৰাইজৰ বাবে মুকলি কৰে। মই ভাবোঁ এই অসম ভৱনটোৱে অসমৰ পৰা ভেল্লোৰলৈ চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীসকলৰ এটি বহুদিনীয়া অভাৱ পূৰণ কৰিব। এই আঠ মহলীয়া ভৱনটো ভেল্লোৰৰ বিখ্যাত খ্ৰীষ্টীয়ান মেডিকেল কলেজ চমুকৈ CMC ৰ পুৰণি মূল কেম্পাছটোৰ পৰা মাত্ৰ ৩.৬০ কিলোমিটাৰ দূৰত্বত আৰু ৰাণীপেটত নতুনকৈ সজা কেম্পাছটোৰ পৰা ৯:৩০ কিলোমিটাৰ দূৰত অৱস্থিত।
ভেল্লোৰ অসম ভৱনৰ অৱস্থিতি বৰ সুবিধাজনক আৰু ইয়াৰ পৰা যাতায়তৰ সুচল ব্যৱস্থা আছে। চেন্নাইৰ মূল বাছ আস্থান কয়মবাদুৰ পৰা ভেল্লোৰলৈ ১২৫ কিলোমিটাৰ আৰু চেন্নাই বিমানবন্দৰৰ পৰা ১২৩.৬০ কিলোমিটাৰ। কিন্তু ৰাষ্ট্ৰীয় ৰাজ মাৰ্গত উৰণীয়া সেতুৰ কাম চলি থকাৰ বাবে এইখিনি দূৰত্ব অতিক্ৰম কৰিবলৈ বৰ্তমান অতি কমেও ২:৩০ -৩:৩০ ঘন্টা সময় লাগে। আপুনি চেন্নাই চহৰৰ পৰা ভেল্লোৰলৈ যাওঁতে ভেল্লোৰৰ মূল চহৰখনত সোমাওঁতেই বাওঁফালে ৰঙা বৰণৰ এখন জিলা সত্ৰ ন্যায়াধীশৰ ন্যায়ালয় পাব আৰু তাৰ কাষেদিয়েই অলপমান সোমাই গলেই সোঁফালে অসম ভৱনটো দেখা পাব। ভেল্লোৰৰ ৰেল ষ্টেচনটিৰ নাম হৈছে " কাটপাড়ি " আৰু ইয়াৰ পৰা অসম ভৱনলৈ মাত্ৰ ৮:০০ কিলোমিটাৰ। ৰেল ষ্টেচনৰ পৰা অসম ভৱনলৈ আহিবলৈ অটো'ৰিক্সা, টেক্সি আদিৰ সুব্যৱস্থা আছে যদিও ভেল্লোৰত বেছিভাগলোকেই অটো'ৰিক্সা ব্যৱহাৰ কৰে। এই কাটপাড়ি ৰেল ষ্টেচনৰ পৰা অসম ভৱনলৈ যাবলৈ অটো চালক সকলে ২০০/ ২৫০ টকা ভাড়া লয়। গুৱাহাটীৰ পৰা অহা বিমান যাত্ৰীসকলে চেন্নাই বিমানবন্দৰৰ ভিতৰতে গাড়ী ভাড়া কৰিব পাৰে। বিমানবন্দৰৰ পৰা গাড়ী ভাড়া ৩২০০ - ৩৫০০ টকাৰ ভিতৰত হয়, কিন্তু ভেল্লোৰৰ লোকেল টেক্সিৰে আনিবলৈ গলে ২৭০০ -২৮০০ টকাৰ ভিতৰতেই হ'ব। কয়মবাদুৰ বাছ স্থানৰ পৰা তামিলনাডু ৰাজ্যিক পৰিবহণৰ সাধাৰণ শ্ৰেণীৰ বাছত আহিলে ৮০ টকা ভাড়া আৰু বাতানুকূল বাছত আহিলে ১৬০ টকা ভাড়া লয়। অৱশ্যে ভল'ভ বাছত গলে দামটো বেছি হয়, কিন্তু যাত্ৰাটো যথেষ্ট আৰামদায়ক হয়।
অসম ভৱনৰ মুঠ মাটি কালিৰ পৰিমাণ ১৭৫৫. ২৯ বৰ্গ মিটাৰ আৰু বিল্ডিংটো নির্মীয়মান হোৱা ক্ষেত্ৰৰ পৰিমাণ ৪৬,৬৯৮.৪০ বৰ্গ ফুট। গোটেই বিল্ডিংটো আঠ মহলীয়া ( G + 7 ) । ইয়াৰ গ্ৰাউণ্ড ফ্লৰ'ত হস্ততাঁত শিল্পৰ এটি এম্পৰিয়াম আৰু প্ৰথম মহলাত অভ্যৰ্থনা কক্ষ, লবী, কেণ্টিন আদি অৱস্থিত। ইয়াত অতিথি / ৰোগীসকলে ব্যৱহাৰ কৰিব পৰাকৈ সৰ্বমুঠ ৪০ টা সাধাৰণ শ্ৰেণীৰ কোঠা আছে, ৫ খন বিচনাযুক্ত ডৰমিটেৰী ৩ টা, VIP কোঠা ১ টা, VVIP কোঠা ১ টা আছে । এই কোঠা সমূহৰ ভাড়া চৰকাৰী নিয়ম মতেই লোৱা যায়। তাৰোপৰি ইয়াত অসমীয়া খাদ্য খাব পৰাকৈ এখন সুন্দৰ কেণ্টিন আছে। গোটেই ভৱনটোত মুঠ তিনিখন অত্যাধুনিক লিফ্ট আছে। এই অসম ভৱনত থাকিবলৈ গুৱাহাটীৰ সচিবালয়ত থকা সাধাৰণ প্ৰশাসন ( GAD ) বিভাগত গৈ বুকিং কৰিব পাৰে নতুবা ভেল্লোৰ অসম ভৱনত তলত দিয়া নম্বৰটোত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। অৱশ্যে ফোনেৰে যোগাযোগ কৰিলেও এটা মেইল কৰাটো বাধ্যতামূলক। আপোনালোকে [email protected] এইটো E- mail ID ত মেইল কৰিব পাৰিব আৰু 0416- 2998363 এইটো নম্বৰত যোগাযোগ কৰিব পাৰিব। এই ভৱনটোত সাধাৰণ প্ৰশাসন বিভাগৰ কৰ্মচাৰী সকল থকাৰ ওপৰিও মুকুল দত্ত নামৰ লোকনিৰ্মান ( PWD ) বিভাগৰ এজন পুৰণি কৰ্মচাৰী আছে, তেওঁ ভেল্লোৰলৈ যোৱা ৰোগী সকলক যথেষ্ট সহায় কৰে। এই ভৱনটোৰ স্থায়ী ঠিকনা হৈছে .......
" ASSAM BHAWAN "
4 th main road.
Plot no - A 3, phase - II
Sathuvachari
Vellore - 632009
মই ভাবোঁ অসম চৰকাৰৰ এইটো অতিথিশালাৰ পৰা অসমৰ ৰাইজে যথেষ্ট উপকৃত হব। ভেল্লোৰ অসম ভৱন অসম চৰকাৰৰ অসমৰ ৰাইজলৈ বুলি এক সুন্দৰ উপহাৰ। এই পোষ্টটো আন দহজনৰ বাবে উপকৃত হ'ব বুলি মনে ধৰিলে বিন্দাচ শ্বেয়াৰ কৰিব পাৰে।
এইখিনিতে মই এটা কথা কৈ থওঁ, মই ভাৰতবৰ্ষৰ য'তেই যাওঁ ত'তেই অসমীয়াৰ মান আৰু স্বাভিমান ৰাখিবলৈ যত্ন কৰোঁ। মোৰ আজিও কাণত বাজি থাকে চেন্নাই আৰু ভেল্লোৰৰ মাটিখিনি উদ্ধাৰ কৰিবলৈ যাওঁতে সেই তামিল গুণ্ডাকেইজনে কোৱা কথাষাৰ। সেই ভূমাফিয়া কেইজনে কৈছিল " তোক টুকুৰা টুকুৰকৈ কাটি ট্ৰেইনত পাৰ্চেল কৰি অসমলৈ পঠাই দিম "। কেতিয়াবা তামিল গুণ্ডাৰ লগত হোৱা সেই যুদ্ধৰ কাহিনী বিতংকৈ লিখিম। আজিলৈ আহোঁ। আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ......
শ্ৰদ্ধাৰে
ত্ৰিনয়ন সন্দিকৈ।
অসম ভৱন, মুম্বাই